ছফটৱেৰ উদ্ভাৱন কৰিব বিচাৰে নেকি?

by | Apr 6, 2023 | Innovation

পোন্ধৰ বছৰ মান আগৰ কথা। তেতিয়া সমাজত মোবাইল ফোনৰ ব্যৱহাৰ অতি কম আছিল। আজিকালি যেনেকৈ স্মাৰ্টফোন সকলোৰে হাতে হাতে, তেতিয়ালৈ এই স্মাৰ্টফোনৰ ধাৰণাটো জনসাধাৰণৰ মাজলৈ অহা নাছিল। এতিয়া আমি স্মাৰ্টফোনৰ সহায়ত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কামবোৰ, যেনে ইমেইল মেছেজ পঠিওৱা, ফটো তোলা, গেম খেলা, ফাইলৰ আদান-প্ৰদান আদিবোৰ অনায়াসে কৰিব পৰোঁ। পৰৱৰ্তী সময়ত ইণ্টাৰনেট আৰু ছোচিয়েল মিডিয়াৰ বিস্ফোৰনে স্মাৰ্টফোনক দ্ৰুতবেগত জনপ্ৰিয় কৰি তোলে আৰু পৃথিৱীক এখন গোলকীয় গাঁৱত পৰিণত কৰে। এই বিপ্লৱৰ ইতিহাস জানিবলৈ আমি ২০০৩ চনলৈ ঘূৰি যাব লাগিব।

এগৰাকী কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু তেওঁৰ কেইজনমান বন্ধু লগ হৈ আৰম্ভ কৰিছিল ডিজিটেল কেমেৰাৰ বাবে অত্যাধুনিক অপাৰেটিং চিষ্টেম(Operating System, চমুকৈ OS এটা বনোৱাৰ প্ৰক্ৰিয়া) । কিন্তু মাত্ৰ ৫ মাহৰ বাবে অপাৰেটিং চিষ্টেমটো বিকশিত কৰি তোলাৰ পিছত, তেওঁলোকে অনুভৱ কৰিলে যে তেওঁলোকে কেৱল কেমেৰাত চলিব পৰাকৈ অপাৰেটিং চিষ্টেমটো নিৰ্মান কৰিলে বজাৰত ইয়াৰ চাহিদা আৰু গ্ৰাহকৰ পৰিমাণ কম হ’ব। সেয়েহে তেওঁলোকে সিদ্ধান্ত ললে যে অপাৰেটিং চিষ্টেমটো মোবাইল ফোনত ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰা যাওঁক, তেনেস্থলত ইয়াৰ গ্ৰাহকৰ সংখ্যাও বেছি হ’ব। প্ৰথম অৱস্থাত তেওঁলোক তীব্ৰ সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু নিজৰ ওপৰত থকা বিশ্বাসৰ বাবে সকলো সমস্যায়ো তেওঁলোকক লক্ষ্যৰপৰা বিচলিত কৰিব নোৱাৰিলে। তেওঁলোকৰ সপোন আছিল বিশ্ববাসীৰ বাবে এনে এটা মাল্টি টাস্কিং(Multi tasking) অপাৰেটিং চিষ্টেম নিৰ্মাণ কৰা, যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে কম্পিউটাৰৰ নিচিনাকৈ গান শুনা, মেছেজ কৰা, আদিবোৰ কাম একে সময়তে সহজতে কৰিব পাৰে। কিন্তু ২০০৩ চনত তেওঁলোকৰ এইটো পৰিকল্পনাক কোনোৱে বিশ্বাসত নললে আৰু কোনো বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিবলৈ মান্তি নহ’ল। আৰ্থিক নাটনিয়ে তেওঁলোকক জুৰুলা কৰিলে। এনেকৈয়ে কিছুদিন পাৰ হোৱাৰ পিছত এদিন তেওঁলোকলৈ এটা শুভ বাৰ্তা আহিল। তেওঁলোকৰ কথা কাণত পৰিল ছাৰ্চ ইঞ্জিন গুগলৰ প্ৰতিষ্ঠাপক লেৰী পেজৰ। দূৰদৰ্শী লেৰী পেজে তৎক্ষণাত তেওঁলোকৰ লক্ষ্যৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰিলে আৰু ৫০ মিলিয়ন ডলাৰৰ বিনিময়ত তেওঁলোকৰ কোম্পানী ক্ৰয় কৰিলে। তেওঁলোকৰ মুখ্য কাৰ্যবাহী এণ্ডী ৰুবিনৰ নামেৰেই এই পৃথিৱী বিখ্যাত অপাৰেটিং ছিষ্টেমটো নামকৰণ কৰা হয় – এনড্ৰইড(Android OS)। গুগলৰ সহায়ৰ পিছত আৰু এনড্ৰইডৰ পিছলৈ ঘূৰি চাবলগীয়া নহ’ল। ইয়াৰ জনপ্ৰিয়তা ইমানেই বাঢ়িল যে, ই সকলো প্ৰতিদ্বন্দীক(Windows, iPhone) অতিক্রমী বজাৰৰ প্ৰায় ৮৫% অংশীদাৰীত্ব অৰ্জন কৰিলে। এনড্ৰইড, আইফোন আদিৰ বাণিজ্যিক সফলতাই ছফ্টৱেৰ উদ্ভাৱকৰ বাবে মুকলি কৰিলে এক বিশাল বজাৰ। গুগলৰ Play Store আৰু iPhone ৰ AppStore য়ে ব্যৱহাৰকাৰীক মোবাইলত তৎক্ষণাত এপ ইনষ্টল কৰিব পৰা সুবিধা প্ৰদান কৰিলে। AppStore সমূহে Software Developer সকলৰ প্ৰতিভা আৰু সৃষ্টিশীলতা প্ৰদৰ্শন কৰিবলৈ এক সুন্দৰ মঞ্চ প্ৰদান কৰিলে। এপৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বৃহৎ ধনৰাশি বা আন্তঃগাঁথনিৰ প্ৰয়োজন নাই। ৫-১০ জন ব্যক্তি লগ হৈয়ো আন্তৰ্জাতিক ছফ্টৱেৰ ব্যৱসায় কৰা উদাহৰণ আছে। ই এক বিপ্লৱ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যৱসায় আৰম্ভ কৰাৰ এক সোণোৱালী সুযোগ।

এপছৰ বজাৰত সম্ভাৱনা অপৰিসীম। বছৰি কেইবা বিলিয়ন ডলাৰৰ এপছ আৰু মোবাইল গেমৰ বিক্ৰী হয়। Facebook, Instagram, Snapchat, WhatsApp আদিবোৰ এপ সমগ্ৰ বিশ্বৰ কোটি কোটি মানুহে ব্যৱহাৰ কৰে আটাইবোৰেই বৃহৎ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। এটা সফল এপ সাজি উলিয়াবলৈ আমি সমাজৰ এটা সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াব লাগিব। উদাহৰণস্বৰূপে snapchat ৰ কথাকে কওঁ। Snapchat ত হোৱা কথা বতৰাৰ কোনো চিন থাকি নাযায় আৰু এইটো সুবিধাই এপটোক যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলে। আন কিছুমান উদাহৰণ, আমাৰ সকলোৰে পৰিচিত ফেচবুক আৰু গুগল। ফেচবুকৰ আগতে বন্ধুবৰ্গৰ মাজত একে সময়তে তথ্য আদান প্ৰদান কৰাত সমস্যা হৈছিল, আৰু তেনেকৈ গুগলৰ আগতে ছেকেণ্ডৰ ভিতৰতে তথ্য বিচাৰি উলিয়াবলৈ কঠিন আছিল। সমাজৰ এনে কিছুমান সমস্যাৰ সমাধান আগবঢ়াই গুগল আৰু ফেচবুক হৈ পৰিল বিশ্বপ্রসিদ্ধ কোম্পানী। বাণিজ্যিকভাৱে সফল এপ এটা সাজিবলৈ আমাক লাগিব এনড্ৰইডৰ উদ্ভাৱক এণ্ডী ৰুবিনৰ দৰে দূৰদৰ্শীতা, ভৱিষ্যতে আহিবলগীয়া যুগৰ পৰিৱৰ্তনৰ অধ্যয়ন।

আজিকালিৰ ইণ্টাৰনেটৰ যুগত এপ এটা সাঁজি উলিওৱাটো সহজ হৈ পৰিছে। কিছুমান Drag & Drop tools ব্যৱহাৰ কৰি মিনিটৰ ভিতৰতে এপ এটা সাজি উলিয়াব পাৰি। কিন্তু তাৰ কিছু সীমাবদ্ধতা আছে। এপ উদ্ভাৱন কৰিবলৈ সকলোতকৈ সুবিধাজনক উপায়টো হ’ল কম্পিউটাৰ প্ৰগ্ৰেমিং লেংগুৱেজ (computer programming language)ৰ ব্যৱহাৰ কৰা. Java, Php, Python, C++, JavaScript আদিবোৰ হ’ল বিভিন্ন প্ৰগ্ৰেমিং লেংগুৱেজৰ নাম। চিকিৎসা বিজ্ঞান, ৰবটিক্স, কৃত্ৰিম বুদ্ধিমত্তা(Artificial intelligence), বতৰ বিজ্ঞানৰপৰা আদি কৰি মহাকাশৰ কৃত্ৰিম উপগ্ৰহ, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ(International space station), স্বয়ংচালিত গাড়ী(Self Driving car), আপোনাৰ মোবাইল ফোনটোত, সকলোতে প্ৰগ্ৰেমিং লেংগুৱেজৰ বহুলভাৱে ব্যবহাৰ হৈছে। প্ৰতিটো প্ৰগ্ৰেমিং লেংগুৱেজৰ পৰিসৰ বেলেগ বেলেগ। উদাহৰণস্বৰূপে, মোবাইল এপ সাজি উলিয়াবলৈ যেনেকৈ java, kotlin, swift আদিবোৰ লেংগুৱেজ ব্যৱহাৰ হয়, তেনেকৈ ৱেবচাইট এটা সাজি উলিয়াবলৈ html, javascript আদিবোৰ লেংগুৱেজৰ ব্যৱহাৰ হয়। কেৱল ইণ্টাৰনেটৰ উপযুক্ত ব্যৱহাৰ কৰি আমি কোনো ব্যক্তিৰ সহায় নোলোৱাকৈ অতি কম সময়ৰ ভিতৰতে প্ৰগ্ৰেমিং শিকিব পাৰো। প্ৰগ্ৰেমিং শিকিবলৈ আপোনাৰ কোনো আনুষ্ঠানিক শিক্ষা বা বিশেষ প্ৰাৰম্ভিক জ্ঞানৰ প্ৰয়োজন নাই। আপোনাৰ যদি দৈনন্দিন জীৱনত প্ৰয়োজনীয় ছফ্টৱেৰবোৰ ব্যৱহাৰ কৰাৰ দক্ষতা আছে, তেনেহ’লে আপুনিও প্ৰগ্ৰেমিং লেংগুৱেজ শিকিব পাৰে। যোগ, বিয়োগ, পূৰণ, হৰণ আৰু কিছুমান গাণিতিক সমীকৰণৰ প্ৰয়োগেৰে প্ৰগ্ৰেমিং ব্যৱহাৰ কৰি আপুনিও ছফ্টৱেৰ সাজি উলিয়াব পাৰে। ছফ্টৱেৰ উদ্ভাৱন কৰিবলৈ প্ৰয়োজন হোৱা IDE(Integrated Development Environment), যেনে Android Studio, Xcode, Unity আদিবোৰ সম্পূৰ্ণ বিনামূলীয়াকৈ ইণ্টাৰনেটত(open source) উপলব্ধ । ইয়াৰ বাবে আপোনাক কেৱল প্ৰয়োজন হ’ব ইচ্ছাশক্তি আৰু ধৈৰ্যৰ।

এপ আৰু ইণ্টাৰনেটে সৃষ্টি কৰা সোণালী সুযোগৰ পিছতো আমি যেন সেই সুযোগৰ সদব্যৱহাৰ কৰিব পৰা নাই। নম্বৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীলতা ধ্বংস কৰিছে, তেওঁলোকক কেৱল চাকৰিমুখী কৰি তোলা যেন মোৰ অনুভৱ হৈছে। ভাৰতৰ ৰাজনৈতিক পৰিবেশে ইয়াত উদ্ভাৱনশীলতাৰ উপযুক্ত পৰিবেশ সৃষ্টি কৰিব পৰা নাই যেন অনুভৱ হয়। গুগলৰ সুন্দৰ পিচাই, পেপচিকোৰ ইন্দ্ৰা নুয়ী, মাইক্ৰছফতৰ সত্য নাডেলা, ৰাজীৱ ছুৰী(Nokia), শান্তনু নাৰায়েণ (Adobe) আৰু অন্যান্য বহুতো ভাৰতীয় নাগৰিক পৃথিৱীৰ বিখ্যাত কোম্পানী কিছুমানত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত। তেওঁলোকৰ বাবে আমাৰ সমাজ ব্যৱস্থাই উপযুক্ত কৰ্ম সংস্কৃতি সৃষ্টি কৰিব নোৱাৰ কাৰণে হয়তো তেওঁলোক আজি ভাৰতৰ বাহিৰত কৰ্মৰত। ছাত্ৰ-ছাত্ৰী সকলে সেয়েহে নম্বৰকেন্দ্ৰিক আৰু চাকৰিমুখী মানসিকতা পৰিহাৰ কৰি এণ্ডী ৰুবিনৰ এন্দ্ৰইডৰ নিচিনাকৈ বিশ্ববাসীক কিবা এটা অৱদান আগবঢ়োৱাৰ চিন্তাচর্চা কৰাটো আৰু দেশত তথ্যপ্ৰযুক্তি,কৰ্মসংস্কৃতিৰ বাতাবৰণ সৃষ্টি কৰাটো নিত্যান্তই প্ৰয়োজনীয়।

লিখকৰ বিষয়ে:
ইন্দ্ৰনীল তালুকদাৰ ছফ্টৱেৰ নিৰ্মাণ কোম্পানী(Start up) ইনভিশ্যনৰ (Invision)ৰ প্ৰতিস্থাপক । ইনভিশ্যনে বহুতো কোম্পানী আৰু অনুষ্ঠানক সেৱা আগবঢ়াই আছে। বৰ্তমান কোম্পানীটোৱে নিৰ্মাণ কৰা ৬ টা এপ্লিকেচনৰ ১৫০ খনতকৈ অধিক দেশত ইনভিশ্যনৰ ছফ্টৱেৰ ব্যৱহাৰকাৰী আছে।

ইন্দ্ৰনীল তালুকদাৰ
৯৬৭৮৫১৭৩৩৭

Approximately 71% of small businesses have a website.

Get your next dream website built by us.